কাৰ্যসূচীসমূহ

অনুবাদৰ ওপৰত শৈক্ষিক আলোচনা ও বিতৰ্ক সম্ভৱ কৰি তুলিবলৈ, ভাৰতীয় ভাষাত উপলব্ধ জ্ঞান পাঠ্যসমূহক পৰ্যালোচনা কৰিবলৈ, ন-অনুবাদক সকলক প্ৰাথমিক প্ৰশিক্ষণ প্ৰদান কৰিবৰ বাবে আৰু তথ্যৰ প্ৰসাৰ ঘটাবৰ বাবে, NTM-এ কৰ্মশালা, আলোচনাচক্ৰ, অনুশীলন অনুষ্ঠান আদি অনুষ্ঠিত কৰে। অনুবাদৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গৱেষক, অনুবাদক, পণ্ডিত আৰু প্ৰকাশকক NTM-এ অনুষ্ঠিত কৰা কাৰ্যসূচীসমূহত যোগদান কৰিবলৈ আমন্ত্ৰণ জনোৱা হয়।
 

কৰ্মশালা

NTM-এ সম্পাদনা সহযোগী গোটৰ পৰামৰ্শ অনুসৰি বিভিন্ন কাৰ্য ৰূপায়িত কৰিবৰ বাবে, যেনে, ২২ টা ভাৰতীয় ভাষাত বিভিন্ন বিষয়ৰ পাৰিভাষিক শব্দাৱলী নিৰ্মাণ আদি, কৰ্মশালা অনুষ্ঠিত কৰে। এখন কিতাপৰ অনুবাদ সম্পূৰ্ণ হোৱা পিছত সম্পাদনা সহযোগী গোটৰ বিশেষজ্ঞসকল বা তেওঁলোকে চিনাক্ত কৰি উলিওৱা বিশেষজ্ঞৰ দলে অনুদিত পাণ্ডুলিপিৰ সমীক্ষা কৰিবৰ বাবে বা অনুবাদকক দিহা-পৰামৰ্শ প্ৰদান কৰিবৰ বাবে কৰ্মশালাত গোট খাব।
 

আলোচনা চক্ৰ

অনুবাদ সম্পৰ্কে বিশেষজ্ঞসকলে মত-বিনিময়, আলোচনা বিলোচনা কৰিবৰ বাবে NTM-এ সময়ে সময়ে দেশৰ বিভিন্ন স্থানত আলোচনা চক্ৰ আনুষ্ঠিত কৰে। এই আলোচনা চক্ৰসমূহত পঠিত আৰু পৰিবেশিত উপস্থাপনসমূহ সমীক্ষা কৰি অভিলেখাগাৰিত কৰা হয়। উপযুক্ত সময়ত সেইবিলাক NTM-ৰ ষান্মসিক গৱেষণা পত্ৰিকা ট্ৰান্সলেশ্বন টুডেত প্ৰকাশ কৰা হয়। এই আলোচনা চক্ৰসমূহে NTM-ক পাণ্ডিত্যপূৰ্ণ আলোচনা-বিলোচনাসমূহ সংগ্ৰহ কৰি এক অভিলেখাগাৰ নিৰ্মাণ কৰিবলৈ সুযোগ প্ৰদান কৰে, যি অনুবাদ অধ্যয়ন আৰু তাৰ লগত জড়িত লোকসকলৰ বাবে (বিশেষকৈ শিক্ষাৰ্থী আৰু গৱেষক ছাত্ৰ-ছাত্ৰীসকল) বিশেষভাৱে সহায়কৰ হৈ উঠিব পাৰে।
 

অনুশীলন কাৰ্যসূচী

অনুবাদ, অনুবাদ তত্ব ও মতবাদ, জ্ঞান পাঠ্যৰ অনুবাদ আৰু আন সম্পৰ্কিত বিষয়ৰ ওপৰত অনুবাদকক প্ৰশিক্ষণ প্ৰদান কৰিবৰ বাবে, যোগদানকাৰীসকলক অনুবাদৰ ক্ষেত্ৰত ব্যৱহৃত নানা ধৰণৰ সঁজুলিৰ লগত পৰিচয় কৰাই দি সক্ষম অনুবাদকৰ সৃষ্টি কৰিবৰ বাবে NTM-এ নানা ভাষাত অনুবাদকৰ অনুশীলন আৰু প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে। এই অনুষ্ঠানসমূহত যোগদান কৰিবৰ বাবে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰী, গৱেষক, আদিক নিমন্ত্ৰণ জনোৱা হয়। এই অনুবাদকসকল নানা ভাষা আৰু বিভিন্ন বিষয়ৰ পৰা অহা। মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষক, স্বনিয়োজিত অনুবাদক আৰু উত্সাহী আন পেশাৰ লোকেও এনে অনুষ্ঠানত অংশ গ্ৰহণ কৰে। এনে কাৰ্যসূচীৰ বাবে ৰাষ্ট্ৰীয় অনুবাদ পঞ্জীৰ পৰাও অংশগ্ৰহণকাৰীৰ নাম বাচি উলিওৱা হয়।

এই কাৰ্যসূচীবিলাকলৈ অনুবাদ অধ্যয়ন আৰু ইয়াৰ লগত সম্পৰ্ক থকা বিষয়ৰ ওপৰিও ভাৰতীয় ভাষাত নিয়মিত ভাৱে জ্ঞান পাঠ্যৰ ৰচনা আৰু সম্পাদনা কৰি থকা শিক্ষক, গৱেষক, লিখক আদিক সমল ব্যক্তি ৰূপে আমন্ত্ৰণ কৰা হয়। ইয়াৰ ওপৰিও জ্ঞান পাঠ্যৰ অনুবাদৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা, আৰু লগতে ভাৰতীয় ভাষাত নানা বিষয়ৰ পাৰিভাষিক শব্দাৱলী সৃজনৰ লগত যুক্ত হৈ থকা সকলকো NTM-ৰ কাৰ্যসূচীবিলাকৈ সমল ব্যক্তি ৰূপে আমন্ত্ৰণ কৰা হয়।
 

আন কাৰ্যসূচীসমূহ

NTM-এ ৰূপায়ণ কৰি থকা কাম-কাজ বিলাকৰ বিষয়ে জন-সচেতনতাৰ সৃষ্টি কৰিবৰ বাবে বিভিন্ন ঠাইত গ্ৰন্থমেলা আদিত ভাগ লয়। অনূদিত কিতাপৰ প্ৰকাশ আৰম্ভ হোৱাৰ লগে লগে NTM-এ লিখকৰ অভিবৰ্তন, অনুবাদকৰ অভিবৰ্তনকে ধৰি নানা ধৰণৰ প্ৰচাৰাত্মক কাৰ্যসূচী হাতত লব।