প্ৰমো

অনাগত সময়ত NTM-ৰ মিডিয়া গোটে ভাৰতৰ সকলো স্বীকৃতিপ্ৰাপ্ত ভাষাত লোক-কলা ওপৰত আধাৰিত এলানি প্ৰমো নিৰ্মাণ কৰা আঁচনি গ্ৰহণ কৰিছে। ইতিমধ্যেই এনেধৰণৰ দুটা প্ৰমোৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে। এটা হ’ল কাহিনীকথন আৰু ‘পট চিত্ৰ’ নামৰ নুৰিয়াই ৰাখিব পৰা চিত্ৰৰ ওপৰত আধাৰিত আৰু আনহাতে আনটো হ’ল আন্তঃলক্ষণা (Inter-semiotic) অনুবাদ সম্বন্ধীয়। ‘পট চিত্ৰ’ হ’ল মূলতঃ পশ্চিম বংগৰ পশ্চিম অংশত পোৱা এক লোক-কলা।