ডাটাবেছসমূহ

NTM-এ অনুবাদকৰ ৰাষ্ট্ৰীয় পঞ্জী (NRT), ভাৰতীয় বিশ্ববিদ্যালয় ডাটাবেছ (IUD), শিক্ষকৰ ডাটাবেছ/ বিশেষজ্ঞ সম্বন্ধীয় তথ্য-ভাণ্ডাৰ, প্ৰকাশকৰ ডাটাবেছ, অনুদিত গ্ৰন্থপঞ্জীৰ ডাটাবেছ আৰু অভিধান আৰু সমাৰ্থক শব্দকোষৰ ডাটাবেছৰ দৰে ছটা ডাটাবেছ সৃজন কৰিছে যিকেইটাই কেৱল NTM-কেই নহয়, বিশেষজ্ঞ, প্ৰকাশক, শিক্ষাৰ্থী আৰু অনুবাদকসকলকো প্ৰভুত পৰিমাণে সহায় কৰিব। ভাৰতীয় ভাষাসমূহৰ অনুবাদকসকল, বিশ্ববিদ্যালয়সমূহ আৰু সিবিলাকৰ পাঠ্যক্ৰমসমূহ, বিভিন্ন বিষয়ৰ শিক্ষক আৰু বিশেষজ্ঞসকল, বিভিন্ন ভাৰতীয় ভাষাৰ প্ৰকাশকসকল, ভাৰতীয় ভাষাত উপলব্ধ অনুদিত গ্ৰন্থসমূহ, অভিধান, শব্দকোষ আৰু সমাৰ্থক ও পাৰিভাষিক শব্দকোষ সম্বন্ধীয় তথ্য এই ডাটাবেছসমূহে উপলব্ধ কৰি তুলিব। এই ডাটাবেছকেইটা ছাত্ৰ, গবেষক, আৰু আনকি বিভিন্ন বিষয়ৰ শিক্ষকসকলৰ বাবেও বিশেষভাৱে সহায়ক হ’ব।