অস্বীকাৰ পত্ৰ

NTM-এ এই ৱেবছাইটত নানা ধৰণৰ প্ৰতিবেদন, বিশ্ববিদ্যালয়, প্ৰতিষ্ঠান আৰু সংস্থান সম্পৰ্কীয় তথ্যৰ লগতে বহু তথ্য উপলব্ধ কৰিছে যিবিলাক ডাউনলোড বা ইমেইলৰ যোগেদি প্ৰেৰণ কৰিব পাৰি। www.ntm.org.in-ৰ দ্বাৰা প্ৰকাশিত এই প্ৰতিবেদনসমূহ আৰু বেৱপৃষ্টাসমূহত থকা তথ্যসমূহ NTM-এ এক সেৱা হিচাপে জনসাধাৰণৰ বাবে উপলব্ধ কৰিছে।

এই তথ্যসমূহত ভুল-ভ্ৰান্তি বা ‘টাইপিং’ ত্ৰুটি থাকিব পাৰে। কোনো জাননী নিদিয়াকৈ এই তথ্যসমূহৰ সাল-সলনি ঘটোৱা হব পাৰে। এই ৱেবছাইটে কোনো ধৰণৰ চুক্তি মানি নচলে।

আপোনালৈ আগবঢ়োৱা এক সেৱা হিচাপে আমি প্ৰয়োজনীয় বুলি ভৱা আন কোনো ৱেবছাইটলৈ লিংক প্ৰদান কৰিব পাৰো। যি কি নহওক, আপুনি এই ৱেবছাইটৰ যোগেদি প্ৰৱেশ কৰা আন কোনো ৱেবছাইটৰ সম্পৰ্কে অমি কোনোধৰণৰ নিশ্চয়তা প্ৰদান নকৰো। যেতিয়া আপুনি এটা অনা- www.ntm.org.in ৱেবছাইটত প্ৰৱেশ কৰে, এটা কথা মনত ৰাখিব যে সেইটো হ’ল এটা স্বাধীন ৱেবছাইট আৰু সেই ৱেবছাইটৰ সামগ্ৰীসমূহৰ ওপৰত NTM-ৰ কোনো ধৰণৰ নিয়ন্ত্ৰণ নাই। ইয়াৰ উপৰিও, এটা অনা- www.ntm.org.in-ৰ লিংক প্ৰদান কৰা কাৰ্য্যই এইটো নুবুজাই যে আমি সেইবিলাক ৱেবছাইটৰ যোগেদি উপলব্ধ পাঠ, সামগ্ৰী, পণ্য আৰু সেৱাসমূহক স্বীকৃতি প্ৰদান কৰো বা সিবিলাকৰ বাবে দায়বদ্ধতা স্বীকাৰ কৰো।

এই ৱেবছাইট বা এই ৱেবছাইটে উপলব্ধ কৰা কোনো তথ্য/সামগ্ৰী বা ইয়াৰ পৰা হাইপাৰলিংক কৰা হোৱা আন কোনো ৱেবছাইটৰ পৰা মেইল বা ডাউনলোড কৰা প্ৰতিবেদনৰ কোনো তথ্য/সামগ্ৰীৰ ব্যৱহাৰৰ ফলত হ’ব পৰা লাভৰ ক্ষতি, ব্যৱসায়ৰ অসুবিধা, কাৰ্যসূচীৰ বা আন ডেটাৰ ক্ষতিকে সামৰি প্ৰত্যক্ষ, অপ্ৰত্যক্ষ, বিশেষ বা আন কোনো ফলশ্ৰুতিমূলক ক্ষতিৰ বাবে www.ntm.org.in কোনো কাৰণতে কোনো পক্ষৰ ওচৰতে দায়বদ্ধ নহ’ব, যদিও এনে ক্ষতি সম্ভাৱনীয়তা কথা আমাক নিৰ্দিষ্টকৈ উল্লেখ কৰা হৈছে। এই বেৱছাইটত প্ৰদান কৰা ডেটা প্ৰকাশিত বা নিৰ্দেশিত কোনো ধৰণৰ ‘ৱাৰেন্টি’ প্ৰদান নকৰাকৈ “যিদৰে আছে সেইদৰেই” প্ৰদান কৰা হৈছে আৰু ইবিলাকে ব্যৱসায়ৰ নিৰ্দেশিত ৱাৰেন্টি, কোনো বিশেষ কাৰণৰ বাবে যোগ্যতা বা অনা-উলংঘনক সামৰি লৈছে কিন্তু কেৱল সিবিলাকতেই সীমাবদ্ধ নহয়।