| 
         
         
         
         
                
    
                
                
                
                
                
                
                    
                    
                     
                    
             
              | 
             
        
               
                
                 
         
         
         
         
            
    
        লক্ষ্য আৰু উদ্দেশ্যসমূহ
         
         
                    
                         
    
        
            
                
                    
                        অভিযানৰ হ্ৰস্বম্যাদী লক্ষ্যসমূহ হৈছে
                 | 
             
         
        
            
                | 
                     
                 | 
                
                    »
                 | 
                
                    মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় স্তৰত শিক্ষাদান কৰা হোৱা সকলো মূখ্য বিষয়ৰ অন্তৰ্ভূক্ত
                    জ্ঞান আধাৰিত পাঠৰ অনুবাদৰ প্ৰসাৰ আৰু প্ৰকাশ
                 | 
             
            
                | 
                     
                 | 
                
                    »
                 | 
                
                    ছটা ডাটাবেছৰ নিৰ্মাণ, সিবিলাকৰ বাবে ডাটা সংগ্ৰহ আৰু তদাৰককৰণ। ডাটাবেছ কেইটা হ’ল-ভাৰতীয়
                    বিশ্ববিদ্যালয়সমূহৰ ডাটাবেছ, অনুবাদকৰ ৰাষ্ট্ৰীয় পঞ্জী (NRT), প্ৰকাশকৰ ডাটাবেছ, অনুবাদৰ
                    গ্ৰন্থপঞ্জী, শিক্ষকসকলৰ ডাটাবেছ / বিশেষজ্ঞসকলৰ তথ্যপঞ্জী, অভিধান আৰু পৰিভাষাকোষৰ
                    ডাটাবেছ।
                 | 
             
            
                | 
                     
                 | 
                
                    »
                 | 
                
                    ইংৰাজী আৰু ভাৰতীয় ভাষাসমূহৰ মাজত যন্ত্ৰ সমৰ্থিত অনুবাদক উৎসাহ প্ৰদান কৰা।
                 | 
             
            
                | 
                     
                 | 
                
                    »
                 | 
                
                    অনুবাদকৰ স্বীকৃতি প্ৰদানকৰণ আৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰা।
                 | 
             
            
                | 
                     
                 | 
                
                    »
                 | 
                
                    অনুবাদকৰ শিক্ষা কাৰ্যসূচীৰ অধীনত চুটি অনুশীলন (অৰিয়েণ্টেশ্বন) কাৰ্যক্ৰম অনুষ্ঠিত
                    কৰা।
                 | 
             
            
                | 
                     
                 | 
                
                    »
                 | 
                
                    অভিধান আৰু সমাৰ্থক শব্দকোষৰ দৰে অনুবাদ সঁজুলিৰ সৃজন।
                 | 
             
            
                | 
                     
                 | 
                
                    »
                 | 
                
                    ভাৰতীয় ভাষাসমূহত বৈজ্ঞানিক আৰু পাৰিভাষিক শব্দাৱলী সৃজনৰ বাবে বৈজ্ঞানিক তথা কাৰিকৰী
                    শব্দাৱলী আয়োগৰ (CSTT) সৈতে সহযোগিতা কৰা।
                 | 
             
         
        
        
            
                
                    
                        অভিযানৰ দীৰ্ঘম্যাদী লক্ষ্যসমূহ হৈছে
                 | 
             
         
        
            
                | 
                     
                 | 
                
                    »
                 | 
                
                    ট্ৰেন্সলেছন মেমৰি, ৱৰ্ড-ফাইণ্ডাৰ, ৱৰ্ডনেট ইত্যাদিৰ বাবে ছফ্টৱেৰৰ গৱেষণা আৰু সৃজনত
                    সহায় কৰা।
                 | 
             
            
                | 
                     
                 | 
                
                    »
                 | 
                
                    নেচাৰেল লেংগুৱেজ প্ৰছেচিং আৰু অনুবাদ সম্বন্ধীয় গৱেষণাৰ লগত জড়িত প্ৰকল্পলৈ বৃত্তি
                    ও অনুদান প্ৰদান।
                 | 
             
            
                | 
                     
                 | 
                
                    »
                 | 
                
                    অনুবাদৰ ওপৰত ডিগ্ৰী/ডিপ্ল’মাৰ পাঠ্যক্ৰম অনুষ্ঠিত কৰিবৰ বাবে বা যিকোনো ভাৰতীয় ভাষাৰ
                    পৰা আন ভাৰতীয় ভাষালৈ অনুবাদৰ বাবে হাতপুথি তৈয়াৰৰ প্ৰকল্পৰে জড়িত বিশ্ববিদ্যালয়/
                    বিভাগসমূহলৈ অনুদান প্ৰদান।
                 | 
             
            
                | 
                     
                 | 
                
                    »
                 | 
                
                    অনুবাদ সম্পৰ্কীয় গৱেষণা পত্ৰিকা বা ভাৰতীয় ভাষাসমূহত অনুবাদ সম্পৰ্কীয় পাঠৰ প্ৰকাশ
                    আৰু বিশ্লেষণত সহায়-সমৰ্থন।
                 | 
             
            
                | 
                     
                 | 
                
                    »
                 | 
                
                    অনুদিত গ্ৰন্থৰ উন্মোচন, ক্ষেত্ৰীয় অনুবাদ মেলা, আলোচনাচক্ৰ, কিতাপ প্ৰদৰ্শনীৰ দৰে
                    অনুষ্ঠান আয়োজন কৰি অনুবাদক আৰু অনুবাদ সম্পৰ্কীয় কাৰ্যক জনপ্ৰিয় কৰি তোলা।
                 | 
             
            
                | 
                     
                 | 
                
                    »
                 | 
                
                    অনুবাদ অধ্যয়ন বিষয়ৰ পাঠ আৰু লেখাৰ এটা সংগ্ৰহ তৈয়াৰ কৰি সিবিলাকৰ ওপৰত পাণ্ডিত্যপূৰ্ণ
                    আলোচনাৰ বাবে সুবিধা প্ৰদান কৰা।
                 | 
             
            
                | 
                     
                 | 
                
                    »
                 | 
                
                    অনুবাদক এক বৃত্তি বা পেশা হিচাপে প্ৰতিষ্ঠা কৰাৰ লগতে অনুবাদ উদ্যোগৰ বাবে দুৱাৰ মুকলি
                    কৰা।
                 | 
             
         
        
        
            
                
                    
                        হিতাধিকাৰীসমূহ
                 | 
             
            
                | 
                    এখন জ্ঞান আধাৰিত সমাজ গঠন কৰাটোৱেই হ’ল NTM-ৰ লক্ষ্য। এই অভিযানে গুৰুত্বপূৰ্ণ পাঠসমূহক
                    এটা ভাষাৰ পৰা আন এটা ভাষালৈ অনুবাদৰে জ্ঞানৰ সমানুপাতিক বিতৰণক অগ্ৰাধিকাৰ প্ৰদান
                    কৰিছে। ভাষাৰ সমস্যাৰ বাবে যিসকল শিক্ষাৰ্থী জ্ঞান আৰ্জনত সমৰ্থ হোৱা নাই তেওঁলোকক
                    এই পদক্ষেপে কৰিব। ইয়াৰ ওপৰিও NTM-এ সমাজৰ বিভিন্ন বৃত্তিধাৰী লোকক নানা ধৰণে উপকৃত
                    কৰিব।
                 | 
             
         
        
            
                | 
                     
                 | 
                
                    »
                 | 
                
                   	বিভিন্ন স্তৰত বিভিন্ন বিষয়ৰ শিক্ষা দান কৰা শিক্ষকসকল   
                 | 
             
            
                | 
                     
                 | 
                
                    »
                 | 
                
                   	লিখকসকল/অনুবাদকসকল/প্ৰকাশকসকল
                 | 
             
            
                | 
                     
                 | 
                
                    »
                 | 
                
                  	অনুবাদ অধ্যয়ন, ভাষাবিজ্ঞান বিভাগসমূহ আৰু বিভিন্ন বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠানৰ গবেষকসকল 
                 | 
             
            
                | 
                     
                 | 
                
                    »
                 | 
                
                   	নতুন আৰু আকৰ্ষণীয় প্ৰকাশনৰ সুযোগৰ সন্ধানত থকা ভাৰতীয় ভাষাৰ প্ৰকাশকসকল   
                 | 
             
            
                | 
                     
                 | 
                
                    »
                 | 
                
                   অনুবাদ সম্বন্ধীয় ছফ্টৱেৰৰ বিকাশকসকল
                 | 
             
            
                | 
                     
                 | 
                
                    »
                 | 
                
                   তুলনামুলক সাহিত্যৰ পণ্ডিতসকল
                 | 
             
            
                | 
                     
                 | 
                
                    »
                 | 
                
                   	নিজৰ ভাষাত সাহিত্য আৰু জ্ঞান পাঠ অধ্যয়ন কৰিব বিচৰা পঢ়ুৱৈসকল
                 | 
             
            
                | 
                     
                 | 
                
                    »
                 | 
                
                  	অনানুষ্ঠানিক শিক্ষা প্ৰদানৰ লগত জড়িত সেচ্ছাসেৱীসকল 
                 | 
             
            
                | 
                     
                 | 
                
                    »
                 | 
                
                  	জনস্বাস্থ্য, জন অধিকাৰ, পৰিবেশ, জনপ্ৰিয় বিজ্ঞান আদি বিষয়ৰ ওপৰত কাম কৰি থকা NGO-সমূহ 
                 | 
             
            
                | 
                     
                 | 
                
                    »
                 | 
                
                  দোভাষী সন্ধানত থকা ব্যক্তিবিশেষ, চৰকাৰী আৰু ব্যক্তিগত অনুষ্ঠান/প্ৰতিষ্ঠানসমূহ 
                 | 
             
            
                | 
                     
                 | 
                
                    »
                 | 
                
                    	উপশিৰোনামাৰ অনুবাদ আৰু বহুভাষিক মুক্তিৰ বাবে আগ্ৰহী চলচিত্ৰ প্ৰযোজকসকল
                 | 
             
            
                | 
                     
                 | 
                
                    »
                 | 
                
              	বিভিন্ন ভাষাত অনুষ্ঠান পৰিবেশনৰ কৰা এফএম (FM) আৰু আন ৰেডিঅ প্ৰতিষ্ঠানসমূহ
                 | 
             
            
                | 
                     
                 | 
             
            
                | 
                     
                 | 
             
         
     
                
                
            
                     
                        
                    
                    
                    
                    
                     | 
                     
                     
                    
                 
                
                |