ইয়াৰ লগত কোন জড়িত ?

ভাৰতীয় ভাষা সংস্থান (CIIL)

এই মূৰ্হুতত ভাৰতীয় ভাষা সংস্থান (CIIL) হ’ল NTM-ৰ ন'ডাল এজেন্সী আৰু মুখ্য সহযোগী সংস্থা আৰু এই অভিযানে CIIL-ৰ মহীশুৰত থকা কাৰ্য্যালয়ৰ পৰা কাম-কাজ চলাই আছে। CIIL-ৰ নিৰ্দেশক এই অভিযানৰ ন'ডাল বিষয়া। আশা কৰা হৈছে যে এটা সময়ত ক্ষমতাযুক্ত প্ৰাধিকাৰীৰ পৰা প্ৰয়োজনীয় অনুমোদন লাভ কৰি NTM এটা স্বতন্তৰীয়া অনুষ্ঠানলৈ ৰূপান্তৰিত হব। সাহিত্য অকাডেমী, নেচনেল বুক ট্ৰাষ্ট (NBT), বৈজ্ঞানিক তথা কাৰিকৰী শব্দাৱলী আয়োগ (CSTT), চি-ডেক (C-DAC) ইত্যাদিৰ দৰে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ অনুষ্ঠানৰ সহযোগত NTM-এ কাম কৰি যাব।

NTM-ৰ কৰ্মপন্থা সম্বন্ধে সকলোধৰণৰ উচ্চস্তৰীয় সিদ্ধান্ত ল’বৰ কাৰণে এখন প্ৰকল্প উপদেষ্টা সমিতি (PAC) আছে। এই সমিতি বিশিষ্ঠ অনুবাদক আৰু অনুবাদ অধ্যয়নৰ লগত জড়িত পণ্ডিত, লিখক, সাহিত্যিক, বিভিন্ন সাহিত্য সংগঠনৰ সভাপতি, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, গ্ৰন্থ বিক্ৰেতা আৰু প্ৰকাশক সংস্থাৰ সদস্য, ভাৰত চৰকাৰৰ তথ্য আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ প্ৰতিনিধি আৰু IIT-ৰ দৰে প্ৰতিষ্ঠানৰ প্ৰাধ্যাপককে সামৰি ২৫ জন বিশেষজ্ঞৰ দ্বাৰা গঠিত।

অভিযানৰ কাৰ্যসমূহ সুচাৰুৰূপে চলাই নিয়াত দিকদৰ্শন আৰু পৰামৰ্শ প্ৰদানৰ নিমিত্তে PAC-ৰ বাহিৰেও NTM-ৰ চাৰিখন উপ-সমিতি আছে:
i. নিৰিখ নিৰ্ধাৰণ উপসমিতি
ii. গ্ৰন্থস্বত্ব ও আইনী বিষয়ক উপসমিতি
iii. জ্ঞান পাঠসমূহৰ উপসমিতি
iv. অনুদান প্ৰদান বিষয়ক উপসমিতি
 
প্ৰকল্প উপদেষ্টা সমিতি (NTM-PAC)
মুখ্য সমন্বয়ৰক্ষী বিষয়া: নিৰ্দেশক, ভাৰতীয় ভাষা সংস্থান
প্ৰকল্প নিৰ্দেশক
NTM-ৰ বাবে অনুমোদিত পদ: 65
সহযোগী কৰ্মচাৰীসকল