| 
         
         
         
         
                
    
                
                
                
                
                
                
                    
                    
                     
                    
             
              | 
             
        
               
                
                 
         
         
         
         
            
    
        অনুবাদকৰ প্ৰশিক্ষণ আৰু মান নিৰ্ধাৰণ
         
         
                    
                         
    
        
            
                
                    বিশদ প্ৰকল্প প্ৰতিবেদনত উল্লেখ কৰাৰ দৰে NTM-এ দেশত এটা অনুবাদ উদ্যোগ গঢ়ি তুলিবলৈ
                    অনুবাদকৰ মানদণ্ড পৰীক্ষা কৰাৰ প্ৰয়োজন। NTM-এ অনুভৱ কৰে যে এনে পদক্ষেপে অনুবাদকক
                    অধিক ৰূপত দৃশ্যমান কৰি তুলিব।
                     
                     
                    NTM-এ অনুবাদকৰ ৰাষ্ট্ৰীয় পঞ্জীয়ণ সূচীৰ তদাৰক কৰি আছে। এই পঞ্জীয়ণ সূচীত বৰ্তমানলৈকে
                    ৫০০০ কৈও অধিক অনুবাদকে নাম পঞ্জীয়ণ কৰিছে। NTM-এ বিভিন্ন ভাষা আৰু বিষয়ৰ বিশেষজ্ঞৰ
                    সহায়ত দেশৰ বিভিন্ন স্থানত অনুবাদকৰ বাবে অনুশীলন অনুষ্ঠানৰ আয়োজন কৰি আহিছে আৰু এনেধৰণৰ
                    অনুষ্ঠানত ভাগ লোৱা বিশেষজ্ঞৰ পৰা নানা ধৰণৰ পৰামৰ্শ/উপদেশ লাভ কৰিছে।
                     
                     
                    বৰ্তমান, NTM-এ অনুবাদকৰ প্ৰশিক্ষণ আৰু মানদণ্ড পৰীক্ষাৰ লগত জড়িত নানা ব্যক্তি/প্ৰতিষ্ঠানৰ
                    লগত বিশদ ৰূপত অলোচনা কৰি আছে। এনে ব্যক্তি/প্ৰতিষ্ঠানৰ সমূহৰ ভিতৰত প্ৰধান হ’ল স্কুল
                    অৱ ট্ৰান্সলেশ্বন ষ্টাডিজ এণ্ড ট্ৰেইনিং, ইগনু; কুৱালিটি কাউণ্সিল অৱ ইণ্ডিয়া (কিউ
                    চি আই) ইত্যাদি। অনুবাদকৰ মানদণ্ড পৰীক্ষাৰ সম্পৰ্কে আলোচনা কৰিবৰ বাবে NTM-এ নানা
                    প্ৰতিষ্ঠানৰ বিশেষজ্ঞক জড়িত কৰি ইতিমধ্যেই কেইবাখনো অভিৱৰ্তনৰ আয়োজন কৰিছে। অতি সোনকালেই
                    অনুবাদকৰ মানদণ্ড পৰীক্ষাৰ সম্পৰ্কে বিশদ তথ্য ৱেবছাইটত ঘোষণা কৰা হব।
                     
                     
                    NTM-এ এটা অনুবাদকৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰাৰ আঁচনি হাতত লৈছে আৰু তাৰবাবে ভাৰত
                    আৰু বিদেশত প্ৰচলিত নানা ধৰণৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ পাঠ্যক্ৰম আৰু অধ্যয়ন সামগ্ৰী সংগ্ৰহ
                    কৰি আছে। এই কাৰ্যসূচী তৈয়াৰ কৰোতে NTM-এ বিশেষজ্ঞ আৰু নানা প্ৰতিষ্ঠানৰ সহায় লৈছে।
                    অতি সোনকালে গোটেই দেশতে অনুবাদকৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰা হব।
                 | 
             
         
        
     
                
                
            
                     
                        
                    
                    
                    
                    
                     | 
                     
                     
                    
                 
                
                |