সম্পাদনা সহযোগী গোট (ESG)

চয়নিত পাঠ্যসমূহৰ অনুবাদ আৰু প্ৰকাশনৰ ক্ষেত্ৰত পৰামৰ্শ প্ৰদান কৰিবৰ বাবে প্ৰতিটো ভাষাৰ বাবে আঠৰ পৰা দহজন সভ্যক লৈ সম্পাদনা সহযোগী গোট গঠন কৰা হৈছে। সম্পাদনা সহযোগী গোটৰ সভ্যসকলে নানা কৰ্মশালাত নিয়মিত ভাৱে মিলিত হয় আৰু –

  » অনুবাদক, নানা বিষয়ৰ বিশেষজ্ঞ আৰু প্ৰকাশকক চিনাক্ত কৰাত সহায় কৰে
  » পৰিভাষা আৰু আন অনুবাদ সম্পৰ্কীয় সমস্যাৰ ক্ষেত্ৰত অনুবাদকসকলক দিকদৰ্শন কৰে
  » NTM আৰু প্ৰকাশকসকলৰ মাজত সম্পৰ্ক ৰক্ষা কৰে
  » অনুদিত পাঠ্য সমীক্ষা কৰাত সহায় কৰে