অনুবাদৰ গ্ৰন্থপঞ্জী

উদ্দেশ্য

ভাৰতত অনুবাদৰ লগত সম্পৰ্কিত সকলো কাৰ্যকলাপৰ কেন্দ্ৰীয় সংগঠন হিচাপে কাম কৰা।
নানা তথ্যৰ লগতে ডেটাবেছৰ পৰিকল্পনাৰ ক্ষেত্ৰত নানা পৰামৰ্শ আগবঢ়োৱাৰ বাবে বৰোদাৰ ভাষা সংশোধন কেন্দ্ৰৰ প্ৰা. জি এন ডেভীলৈ বিশেষ ধন্যবাদ।

গ্ৰন্থপঞ্জীৰ কিয় প্ৰয়োজন?

গ্ৰন্থপঞ্জী হ’ল গ্ৰন্থৰ শৃংখলাবদ্ধ অধ্যয়ন আৰু বিৱৰণ। ই হ’ল গ্ৰন্থৰ এক তালিকা যি তালিকাত থকা গ্ৰন্থসমূহে বিষয়, ভাষা বা সময়কালৰ দৰে এটা উমৈহতীয়া বৈশিষ্ট্য অনুসৰণ কৰে। এনে তালিকাৰ প্ৰকৃতি সৰ্বাত্মক বা নিৰ্বাচনাত্মক হব পাৰে।

এই গ্ৰন্থপঞ্জী নিৰ্মাণৰ উদ্দেশ্য হ’ল কোনো এটা বিষয়ত উপলব্ধ সামগ্ৰীৰ তথ্যসমূহৰ ব্যৱস্থাপন কৰা যাতে তথ্য-সন্ধানীসকলে সহজতে কোনো বিষয়ৰ তথ্য বিচাৰি ল’ব পাৰে। এই তথ্যসমূহ কোনো গ্ৰন্থৰ সৈতে সম্পৰ্কিত নাইবা সেই কাৰ্যকলাপসমূহৰ ফল। সেইবাবে, এফালৰ পৰা ক’বলৈ গ’লে গ্ৰন্থপঞ্জীয়ে আমাক এখন গ্ৰন্থৰ ইতিহাস সম্বন্ধে জানিবলৈ দিয়ে।

অনুবাদ গ্ৰন্থপঞ্জীৰ ডাটাবেছৰ বিকাশ সম্পৰ্কে অধিক জানিবৰ বাবে ইয়াত ক্লিক কৰক
  উত্সসমূহ:
  » অনুকৃতি(CIIL – সাহিত্য একাডেমি আৰু NBT)
  » ভাষা সংশোধন কেন্দ্ৰ (Bhasha Sanshodhan Kendra), বৰোদা
  » ব্ৰিটিছ লাইব্ৰেৰীৰ (British Library) অৰিয়েন্টেল এণ্ড ইণ্ডিয়া অফিচ কালেকচনছ (Oriental and India Office Collections)
  » নানা প্ৰকাশকৰ গ্ৰন্থ তালিকা
  » চেন্ট্ৰেল ৰেফাৰেন্স লাইব্ৰেৰী (Central Reference Library), ক’লকাতা
  » নেচনেল বিবলিঅ’গ্ৰফি অৱ ইণ্ডিয়া লিটাৰেশ্বাৰ (National Bibliography of India Literature -NBIL)
  » চাউথ এছিয়ান ইউনিয়ন কেটেলগ (South Asian Union Catalogue) ইউনিভাৰ্চিটি অৱ চিকাগো লাইব্ৰাৰীৰ (University of Chicago Library) চাউদাৰ্ণ এছিয়া বিভাগ (Southern Asia Dept)
  » UNESCO
  » ইউনিভাৰ্চিটি অৱ ইলিনইছ (University of Illinois), আৰবানা-চেম্পেইন NTM-এ বৰ্তমান আন বহু উত্সৰ পৰা তথ্য সংগ্ৰহ কৰি আছে আৰু সিবিলাকক ‘ডিজিটাইজ’ কৰি এই ডেটাবেছত অন্তৰ্ভুক্ত কৰা হ’ব।

গ্ৰন্থপঞ্জীৰ শৈলীসমূহ

বিভিন্ন প্ৰতিষ্ঠানে বিভিন্ন ধৰণৰ গ্ৰন্থপঞ্জী শৈলী ব্যৱহাৰ কৰা দেখা যায়।

এই আৰ্হিৰ বাবে সবাতোকৈ অধিক ৰূপত ব্যৱহৃত মূলনীতিসমূহ হ’ল - MLA (Modern Language Association) আৰু APA (American Psychological Association)। মডাৰ্ণ লেংগুৱেজ এছ’চিয়েচনৰ আৰ্হি গৱেষণা উত্সৰ উল্লেখ আৰু বিভিন্ন বিষয়ৰ ওপৰত গ্ৰন্থপঞ্জী নিৰ্মাণ কৰাৰ বাবে বহুল ৰূপত ব্যৱহাৰ কৰা হয়। NTM-এ অনন্য সাংখ্যিক চিনাক্তকৰণ ব্যৱস্থা এই শৈলীৰ লগত যোগ কৰি ব্যৱহাৰ কৰিছে।

NTM-এ বিকাশ কৰা গ্ৰন্থপঞ্জীৰ বৈশিষ্ট্যসমূহ

NTM-এ বিকাশ কৰা গ্ৰন্থপঞ্জীয়ে অনুদিত সাহিত্যিক আৰু অনা-সাহিত্যিক গ্ৰন্থক সামৰি লৈছে। ইয়াৰ উপৰিও, এই গ্ৰন্থপঞ্জীত ভাৰতৰ সংবিধানৰ স্বীকৃত 22 ভাষাৰ লগতে আন ভাৰতীয় ভাষাসমূহত প্ৰকাশিত অনুদিত গ্ৰন্থসমূহকো অন্তৰ্ভুক্ত কৰা হৈছে।

আন ভাষাৰ পৰা ভাৰতীয় ভাষালৈ আৰু ভাৰতীয় ভাষাৰ পৰা আন ভাষালৈ অনুদিত গ্ৰন্থ সম্পৰ্কে তথ্য আহৰণ কৰি ডেটাবেছত অন্তৰ্ভুক্ত কৰাৰ আঁচনিও NTM-এ গ্ৰহণ কৰিছে।

এই গ্ৰন্থপঞ্জী ডেটাবেছৰ যোগেদি NTM-এ এক অনন্য চিনাক্তকৰণ নম্বৰ প্ৰস্তাৱ কৰিছে, যাক ভাৰতীয় ভাষালৈ হোৱা অনুবাদসমূহৰ ISTN (Indian Standard Translation Number) নামেৰে জনা যাব। বিভিন্ন ভাৰতীয় ভাষাত প্ৰকাশিত অনুদিত গ্ৰন্থসমূহৰ সম্পৰ্কে তথ্য সংগ্ৰহেই হ’ল ISTN-ৰ মূল উদ্দেশ্য। এই পদক্ষেপে গৱেষক/বিশেষজ্ঞ/জ্ঞান-অন্বেষকক এটা নিৰ্দিষ্ট ভাষাত এক নিৰ্দিষ্ট বিষয়ত এক নিৰ্দিষ্ট বছৰত প্ৰকাশিত অনুদিত গ্ৰন্থৰ সংখ্যা সম্পৰ্কে এক ধাৰণা প্ৰদান কৰিবলৈ সক্ষম হ’ব।


NTM-এ এই ডেটাবেছ ৱেব-আধাৰিত কৰি ৰাখিবৰ বাবে সিদ্ধান্ত কৰিছে, যাৰ ফলত ইয়ালৈ অভিগমণ সহজ হৈ উঠিব। লগতে সময়ে সময়ে নতুন তথ্য যোগ কৰি এই ডেটাবেছক উন্নীত কৰা কাৰ্যও সহজসাধ্য হৈ উঠিব।

আপোনাৰ ওচৰত যদি এনে কিছুমান অনুদিত গ্ৰন্থৰ তথ্য আছে, যিবিলাক এই ডেটাবেছত নাই, তেন্তে আপুনি সেইবিলাক ডেটাবেছত যোগ কৰি NTM-ক সহায় কৰিব পাৰে। আপুনি এটা ব্যৱহাৰকৰ্তা একাউন্ট সৃষ্টি কৰি এনে তথ্য ডেটাবেছত যোগ দিবলৈ সক্ষম হ’ব। ইয়াৰ উপৰিও আপুনি তথ্যসমূহ ntmciil@gmail.com-লৈ ইমেইল কৰিব পাৰে, যিবিলাক আমি NTM-ৰ ডেটাবেছত অন্তৰ্ভুক্ত কৰিম। যদি আপুনি এজন প্ৰকাশক, তেন্তে আপুনি ব্যৱহাৰকৰ্তাৰ দ্বাৰা অন্তৰ্ভুক্তিৰ সুবিধা গ্ৰহণ কৰি আপোনাৰ দ্বাৰা শেহতীয়াভাৱে প্ৰকাশিত অনুদিত গ্ৰন্থৰ তথ্য প্ৰত্যক্ষভাৱে ডেটাবেছত যোগ দিব পাৰে। ইয়াৰ উপৰিও আপুনি তথ্যসমূহ ntmciil@gmail.com-লৈ ইমেইল কৰিব পাৰে, যিবিলাক আমি NTM-ৰ ডেটাবেছত অন্তৰ্ভুক্ত কৰিম।

গ্ৰন্থপঞ্জী অন্বেষণ

ভাৰতীয় ভাষাৰ যিকোনো অনুদিত গ্ৰন্থৰ তথ্যৰ বাবে ইয়াত অন্বেষণ কৰক।