| 
         
         
         
         
                
    
                
                
                
                
                
                
                    
                    
                     
                    
             
              | 
             
        
               
                
                 
         
         
         
         
            
    
        প্ৰাৰম্ভ / আৰম্ভ / প্ৰাক-কথন
         
         
                    
                         
    
        
            
                
                    ৰাষ্ট্ৰীয় অনুবাদ অভিযানৰ (NTM) মূল ধাৰণাটো সৰ্বপ্ৰথমে আহিছিল ভাৰতৰ প্ৰধানমন্ত্ৰী
                    ড. মনমোহন সিংৰ পৰা। ৰাষ্ট্ৰীয় জ্ঞান আয়োগৰ (NKC) প্ৰথমখন মিটিংত তেখেতে উল্লেখ কৰিছিল
                    যে বহুবিলাক বিষয়ৰ জ্ঞানৰ ক্ষেত্ৰখনলৈ মানুহৰ অভিগমনৰ হাৰ বৃদ্ধি, আৰু শিক্ষা আৰু শিক্ষণত
                    সকলো শ্ৰেণীৰ লোকৰ যোগদান বৃদ্ধি আৰু শক্তিশালী কৰাত অনুদিত পাঠ ও সামগ্ৰীয়ে এক বিশেষ
                    ভূমিকা লয়। শ্ৰী ছেম পিট্ৰডাৰ অধ্যক্ষতাত গঠিত হোৱা এই আয়োগে প্ৰধান মন্ত্ৰীৰ এই পৰামৰ্শৰ
                    ওপৰত বিশেষ ভাৱে গুৰুত্ব প্ৰদান কৰে আৰু অনুভৱ কৰে যে দেশত শিক্ষাৰ প্ৰসাৰৰ বাবে অনুবাদৰ
                    প্ৰয়োজনীয় উত্তৰণ সম্ভৱ কৰি তুলিবলৈ এটা সুকীয়া প্ৰতিষ্ঠান বা ‘অভিযান’ৰ প্ৰয়োজনীয়তা
                    আছে।
                     
                     
                    
                        
                            | 
                                যদিওবা এইটো সত্য যে ভাৰতত অনুবাদ এক প্ৰতিনিয়ত সংঘটিত হৈ থকা প্ৰক্ৰিয়া, এই বিশেষ
                                ক্ষেত্ৰখনৰ বাবে প্ৰয়োজনীয় ফলদায়ক জন হস্তক্ষেপ মূখ্যতঃ দেশৰ অনুবাদ কাৰ্য্যৰ অসামঞ্জস্যতা,
                                ভাষা আৰু বিষয় সম্বন্ধীয় অসামঞ্জস্যতাৰ ওপৰিও গুণমান, বিতৰণ আৰু অভিগমনৰ অসামঞ্জস্যতাৰ
                                বাবে অধিক প্ৰয়োজনীয় হৈ পৰিছে। তদুপৰি অনুবাদ কাৰ্য্যই প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিয়োগৰ
                                সুবিধাৰ সৃষ্টি কৰিব পাৰে আৰু শিক্ষিত নিবনুৱাসকলক সমাজ সেৱাৰ মাধ্যমেৰে জীৱন নিৰ্বাহ
                                কৰিবলৈ এটা পেশা বিচাৰি লোৱাটো সম্ভৱ কৰি তুলিব।
                             | 
                            
                                 
                             | 
                         
                     
                     
                    অনুবাদ আৰু মানব সম্পদ উন্নয়নৰ যোগেদি এখন জ্ঞান আধাৰিত সমাজ সৃজনৰ সজাগতাই ৰাষ্ট্ৰীয়
                    জ্ঞান আয়োগক (NKC) ড. জয়তী ঘোষৰ নেতৃত্বত এটা কাৰ্য গোট গঠনৰ বাবে অনুপ্ৰাণিত কৰে যি
                    অনুবাদ, ইয়াৰ প্ৰসাৰ, প্ৰকাশ আৰু বিতৰণৰ লগত জড়িত হৈ থকা ব্যক্তি আৰু বিভিন্ন অনুষ্ঠান
                    প্ৰতিষ্ঠানক একেলগ কৰি তুলিবলৈ সক্ষম হব। নানা ধৰণৰ চৰকাৰী আৰু অৰ্ধ-চৰকাৰী প্ৰতিষ্ঠান,
                    বিদ্যায়তনিক, ভাষাতাত্বিক, অনুবাদক, শৈক্ষিক, প্ৰকাশক আৰু ভাৰতত অনুবাদ কৰ্মৰ সৈতে
                    জড়িত প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰে এই কাৰ্য্যদলটো গঠিত। ২০০৬ চনৰ ফেব্ৰুৱাৰী মাহত এই কাৰ্য্যদলটোৱে
                    দিল্লীত সভা আনুষ্ঠিত কৰি আলোচনা আৰম্ভ কৰে আৰু সেইসময়ৰ ভাৰতীয় ভাষা সংস্থানৰ নিৰ্দেশক
                    প্ৰাধ্যাপক উদয় নাৰায়ণ সিংহই এই ক্ষেত্ৰখনৰ ওপৰত এক বিস্তৃত প্ৰতিবেদন প্ৰস্তুত কৰে।
                 | 
             
            
                | 
                    
                 | 
             
         
     
                
                
            
                     
                        
                    
                    
                    
                    
                     | 
                     
                     
                    
                 
                
                |