|  | 
                 
         
         | 
        অনুবাদ আৰোপকৰণ
                         
    
        
            
                | দেশৰ বিভিন্ন স্থানৰ প্ৰকাশকৰ লগত যোট বান্ধি NTM-এ ভাৰতীয় ভাষাৰ অনুবাদ প্ৰকাশ কৰে।
                    এই প্ৰকাশকসকল অনুবাদৰ বাবে হাতত লোৱা পাঠ্যৰ গ্ৰন্থস্বত্বৰ অধিকাৰী অথবা ভাৰতীয় ভাষাত
                    গ্ৰন্থ প্ৰকাশ কৰি অহা দেশৰ বিভিন্ন স্থানত অৱস্থিত সৰু-বৰ প্ৰকাশক। ভাৰতীয় ভাষালৈ
                    অনুদিত গ্ৰন্থ বিক্ৰী আৰু বিতৰণৰ বাবে NTM-এ এনে প্ৰকাশকৰ লগত মিলিজুলি কাম কৰে। 
 অনুবাদ প্ৰকাশ কৰিবৰ বাবে NTM-এ গ্ৰহণ কৰা দুটা পদ্ধতি হ’ল:
 
 
 
                        
                            |  | » | মূল কিতাপৰ প্ৰকাশকেই অনুবাদ প্ৰকাশ কৰাৰ কাম হাতত লব পাৰে। NTM-এ খৰচৰ অংশ বিশেষ বহন
                                কৰি বা বিদ্যায়তনিক সহায় প্ৰদান কৰি সম্পূৰ্ণ প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰিব। |  
                            |  | » | যদি মূল কিতাপৰ প্ৰকাশকে অনুবাদৰ কাম হাতত লবলৈ ৰাজী নহয়, তেতিয়া NTM-এ অনুবাদ, প্ৰকাশন
                                আৰু বিতৰণৰ দায়িত্ব ভাৰতীয় ভাষাৰ আন প্ৰকাশকৰ ওপৰত অৰ্পণ কৰে। এনে ক্ষেত্ৰত অনুদিত
                                পাঠ্যৰ সকলো স্বত্ব NTM-এ নিজৰ হাতত ৰাখে। মূল কিতাপৰ স্বত্বৰ অধিকাৰীয়ে NTM-ৰ পৰা
                                ‘ৰয়েল্টি’ লাভ কৰে। যদি ভাৰতীয় ভাষাৰ প্ৰকাশকসকলে কিতাপখন অনুবাদ কৰাবলৈ সক্ষম নহয়,
                                তেতিয়া NTM-এ নিজা প্ৰচেষ্টাৰে কিতাপখন অনূদিত কৰে আৰু ‘কেমেৰা ৰেডি কপি’ (CRC) তৈয়াৰ
                                কৰে। তাৰপিছত, সেই CRC NTM-এ ভাৰতীয় ভাষাৰ প্ৰকাশকক প্ৰদান কৰে আৰু তেওঁলোকে অনুদিত
                                পাঠ্যৰ প্ৰকাশ আৰু বিতৰণৰ দায়িত্ব গ্ৰহণ কৰে। |  পিছৰটো প্ৰক্ৰিয়াক ‘টাৰ্ণ কী’ পদ্ধতিৰ অনুবাদ আৰোপকৰণ বুলি জনা যায়।
 |  |  |