জ্ঞান পাঠ্যৰ চিনাক্তকৰণ

NTM-এ অনুবাদ কৰিবৰ বাবে হাতত লোৱা জ্ঞান পাঠ্য চিনাক্ত আৰু বাছনি কৰিবৰ বাবে ভাৰতীয় বিশ্ববিদ্যালয় ডাটাবেছৰ পৰা সকলোতকৈ বেছি প্ৰচলিত পাঠ্যৰ তালিকা তৈয়াৰ কৰা হয়। এই তালিকা বিশেষজ্ঞই পৰীক্ষা কৰে। তাৰপিছত ভাৰতীয় ভাষাত এই পাঠ্যসমূহৰ চাহিদা কিমান হব পাৰে তাক জানিবৰ বাবে সেই বিষয়ৰ লগত সম্পৰ্কিত বিভিন্ন ভাষাৰ শিক্ষাৰ্থী, শিক্ষক আৰু পণ্ডিতসকলৰ মতামত গ্ৰহণ কৰা হয়। ইয়াৰ পিছতো এই পাঠ্যৰ তালিকাক পুণৰ পৰীক্ষা কৰা হয় আৰু যিবিলাক পাঠ্যৰ অনুবাদৰ ফলত শিক্ষাৰ্থী উপকৃত হব পাৰে, তেনে পাঠ্যকহে মূল তালিকাৰ ঠাই দিয়া হয়। শেষত, জ্ঞান পাঠ্যৰ উপ-সমিতি আৰু প্ৰকল্প উপদেষ্টা সমিতিয়ে পাঠ্যৰ এই তালিকাক অনুমোদন দিয়ে।

আৰম্ভণিতে, NTM-এ একৈশটা বিষয়ৰ বিশেষজ্ঞৰ পৰা অনুবাদৰ বাবে উপযুক্ত পাঠ্যৰ তালিকা সংগ্ৰহ কৰে। তাৰপিছত সেই পাঠ্যৰ তালিকা আৰু ভাৰতীয় বিশ্ববিদ্যালয় ডাটাবেছৰ পৰা লাভ কৰা তালিকাক পৰ্যালোচনা কৰি এই বিষয়সমূহত 105 খন পাঠ্যৰ অনুবাদ আৰম্ভ কৰিবলৈ আগবাঢ়িছে।