Bibliography History

অনুদিত গ্ৰন্থপঞ্জীৰ প্ৰয়োজনীয়তা বহু আগৰে পৰাই অনুভৱ কৰি অহা হৈছিল। 2002 চনত ভাৰতৰ তিনিটা গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান- ভাৰতীয় ভাষা সংস্থান, সাহিত্য একাডেমি আৰু নেচনেল বুক ট্ৰাষ্টে অনুবাদ সেৱা আৰু তথ্য ছাইট Anukriti.net আৰম্ভ কৰে। প্ৰায় 20000 অনুদিত গ্ৰন্থৰ তথ্য সংগ্ৰহ কৰি অনুকৃতিৰ অধীনত এক অন্বেষণ-সক্ষম ডেটাবেছৰ নিৰ্মাণ কৰা হয়। যি কি নহওক, এই ডেটাসমূহৰ সত্যাপন আৰু অধিক পৰীক্ষাকৰণৰ প্ৰয়োজন আছিল।

2008 চনৰ জুন মাহত NTM-ৰ অৰম্ভণি হয় আৰু অনুকৃতিক NTM-ত অন্তৰ্ভুক্ত কৰা হয়। তাৰপিছত অনুদিত গ্ৰন্থৰ গ্ৰন্থপঞ্জী নিৰ্মাণৰ কাম NTM-ৰ অধীনত অব্যাহত ৰখা হয়। 2011 চনৰ আগভাগৰ পৰা এই প্ৰকল্পৰ কামৰ পূৰ্ণ গতিত পুণৰাম্ভ কৰা হয়। এক আঁচনি প্ৰস্তুত কৰি বিভিন্ন উত্সৰ পৰা ডেটা সংগ্ৰহ কৰা হয়। ডেটা সংগ্ৰহ কৰিবৰ বাবে নানা ভাৰতীয় বিশ্ববিদ্যালয়, প্ৰকাশন গোষ্ঠী, গ্ৰন্থাগাৰ, অনুবাদ এজেন্সি, সাহিত্যানুষ্ঠান আৰু প্ৰতিষ্ঠানৰ লগত সংযোগ স্থাপন কৰা হয়। এতিয়ালৈকে প্ৰায় 70,000 অনুবাদৰ সম্পৰ্কে তথ্য সংগ্ৰহ কৰা হৈছে আৰু সিবিলাকক সত্যাপন আৰু ডিজিটাইজ কৰা প্ৰয়োজন। 2011 চনৰ মাজভাগত, বহু বছৰ ধৰি ভাৰতীয় ভাষাৰ অনুদিত গ্ৰন্থৰ ওপৰত ডেটা সংগ্ৰহ কৰি থকা গুজৰাটৰ বৰোদাৰ ভাষা সংশোধন কেন্দ্ৰৰ প্ৰা. গণেশ ডেভীয়ে তেওঁৰ সংগ্ৰহত থকা প্ৰায় 20000 গ্ৰন্থৰ তথ্য NTM-ক প্ৰদান কৰে।

2011 চনৰ চেপ্তেম্বৰ মাহত প্ৰা. ডেভী আৰু NTM-ৰ গোটে অনুদিত গ্ৰন্থপঞ্জীৰ ডেটাবেছৰ বাবে ডেটা ডিজিটাইজেশ্বন সম্পৰ্কে আঁচনি প্ৰস্তুত কৰিবৰ বাবে মহীশূৰত এক কৰ্মশালাৰ অনুষ্ঠিত কৰে। এই কৰ্মশালাত প্ৰা. ডেভীয়ে প্ৰতিখন অনুদিত গ্ৰন্থৰ বাবে এক অনন্য ID-ৰ ধাৰণা আগবঢ়ায় আৰু ইয়াৰ ৰূপায়ণৰ বাবে আঁচনি ব্যাখ্যা কৰে। 2011 চনৰ নভেম্বৰ মাহত ডেটাবেছৰ কাৰিকৰী দিশসমূহ আলোচনা কৰিবৰ বাবে বৰোদাত আন এখন কৰ্মশালা অনুষ্ঠিত কৰা হয়। মূল আৰু অনুদিত গ্ৰন্থ সম্পৰ্কে সৰ্বাধিক তথ্য প্ৰদৰ্শন কৰাৰ লক্ষ্যৰে এক আৰ্হি টেমপ্লেট প্ৰস্তুত কৰা হয়। NTM-এ ইয়াক অধিক উপযোগী কৰি তোলাৰ প্ৰচেষ্টা চলাই আছে। বৰ্তমান, 25-টা ভাষা সামৰি প্ৰায় 20000 অনুদিত গ্ৰন্থৰ সত্যাপিত তথ্য NTM-ৰ বেৱছাইটত উপলব্ধ হৈ আছে।