সামৰণি

চিন্তাৰ স্বাধীনতাক সন্মান কৰিবলৈ চেষ্টা কৰা, ইয়াৰ সমস্যাসমূহত গুৰুত্ব দিয়া আৰু এক উমৈহতীয়া লক্ষ্যৰ পৰিকল্পনাক সাৱটি লৈ আগবাঢ়ি যোৱা ভিন্ন জনসাধাৰণৰ সহাৱস্থানৰ ওপৰত থকা বিশ্বাসৰ পুণৰাবৃত্তি ঘটাই সামাজিক শৃংখলাৰ ফালে গতি কৰাৰ বাবে ভাৰত বৰ্তমান পৰিপক্ক গণতন্ত্ৰ হিচাপে বিৱৰ্তনৰ এক কৌতুহল পূৰ্ণ অৱস্থাত উপনীত হৈছে। ভাষা হ’ল আমাৰ বহুবাদী ঐতিহ্যৰ আত্মা আৰু বহুভাষিকতা হ’ল আমাৰ জীৱন ধাৰণৰ মাৰ্গ। ভাৰতীয় ভাষাৰ পৃষ্ঠপোষকতাক উন্নয়ন প্ৰক্ৰিয়াৰ এক অবিচ্ছেদ্য অংগ ৰূপে সমগ্ৰ দেশে দেখা পোৱা উচিত, যি গণতন্ত্ৰত জনগণৰ সহযোগ বৃদ্ধি কৰিব আৰু এক মহান ৰাষ্ট্ৰ হিচাপে বৰ্তি থকাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আমাৰ সংস্কৃতিয়ে ভাষা অধ্যয়নৰ গুৰুত্ব সদায়েই উপলব্ধি কৰি আহিছে। আনকি বৈদিক যুগতো জ্ঞানৰ ছটা ভাগৰ চাৰিটা ভাগ- জ্ঞান: শিক্ষা (শিক্ষা শব্দটো অতীজতে ধ্বনিতত্ব বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল, কিন্তু বৰ্তমান পঢ়া-লিখাৰ সমগ্ৰ প্ৰক্ৰিয়াক বুজাবলৈ ব্যৱহাৰ কৰা হ’য়) ব্যাকৰণ: ভাষাৰ গঠন শাস্ত্ৰ , নিৰুক্ত: শব্দ-ব্যুত্পত্তি আৰু ছন্দ: ছন্দবদ্ধ কৰাৰ শৈলী; ভাষাৰ লগত সম্পৰ্কিত আছিল। ভাৰতীয় ব্যাকৰণবিদে কৰা কাৰ্য (সংস্কৃত আৰু তামিল ভাষাত) সঁচা অৰ্থত উচ্চ মানদণ্ড সম্পন্ন আছিল, যি ভাষাৰ বৈজ্ঞানিক অধ্যয়নৰ শক্তিশালী আধাৰ সৃষ্টি কৰিছিল আৰু বহু আধুনিক তত্ব সৃষ্টি কৰাত আমাৰ এই পূৰ্বজসকলৰ অধ্যয়নে অৰিহণা যোগাইছিল। এনে এটা সময় আছিল যি সময়ত ভাৰতৰ জ্ঞান-আধাৰিত পাঠ অনুবাদৰ যোগেদি এছিয়া মহাদেশৰ বিভিন্ন অংশলৈ গতি কৰিছিল। ই 18শ আৰু 19শ শতিকাত পশ্চিমীয়া জ্ঞান, ধাৰণা ভাৰতলৈ প্ৰবাহিত হোৱাৰ লগত একেধৰণৰ ঘটনা আছিল আৰু যোৱা শতিকাত এই জ্ঞানৰ কাৰ্যতঃ বিস্ফোৰণ ঘটিছিল। যি কি নহওক, পশ্চিমৰ পৰা আমাৰ দেশলৈ জ্ঞান আৰু পাঠৰ যি সোঁত প্ৰবাহিত হৈছিল সেয়া বিশেষতঃ আছিল অভিলম্বীয় আৰু এক দিশসম্পন্ন। আমি বিভিন্ন বিষয়ত এতিয়াও ইংৰাজী আধাৰিত পাঠৰ শিক্ষাদান কৰি আছোঁ। আমি এনে এটা পৰিস্থিতিৰ সন্মুখীন হৈছোঁ য’ত মেট্ৰ’ চেন্টাৰক বাদ দি অন্যত শিক্ষণ প্ৰক্ৰিয়া স্থানীয় ভাষাত হোৱাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছোঁ, কিন্তু স্থানীয় ভাষাসমূহত শিক্ষণ সামগ্ৰীৰ নিতান্তই অভাৱ। বাণিজ্য আৰু জনসংযোগৰ ভাষা হিচাপে বৰ্তমান ইংৰাজী যথেষ্ট বিয়পি পৰিলেও তিনিটা পৰ্যায়ৰ শিক্ষাৰ সমৰ্থিত মাধ্যম হিচাপে ই সঁচাকৈয়ে নিম্নগামী হৈছে। সেয়েহে বিদ্যালয় আৰু মহাবিদ্যালয়ত ভাষিক অপসাৰণ এক সমস্যা হৈ থিয় দিছে। শিক্ষাৰ্থীৰ ভাষা আৰু শিক্ষাদানৰ ভাষাৰ মাজত এক বৃহত্ শূন্য স্থানৰ সৃষ্টি হৈছে।

পৃষ্ঠপোষকতাকৰণৰ প্ৰয়োজনীয়তা কাৰিকৰী প্ৰযুক্তিৰ বিকাশত লক্ষ্য কৰিব পাৰি। প্ৰাকৃতিক ভাষা পৰিবৰ্তন প্ৰণালীত সহায়ক হ’ব পৰাকৈ কৰ্পাছ আৰু কাৰ্যপ্ৰণালী যোগান ধৰাত আমাৰ ভাষা আৰু ব্যাকৰণিক বিৱৰণে সহায় কৰিব পাৰে। তথ্য-প্ৰযুক্তিৰ জগতখনত আমি ইতিমধ্যে এক তীব্ৰ ও বৃহত্ পদক্ষেপ ল’বলৈ সক্ষম হৈছোঁ আৰু এই সুবিধা যন্ত্ৰ সাহাৰ্যিত অনুবাদৰ ক্ষেত্ৰখনলৈ প্ৰবাহিত কৰা উচিত। এইটো আশা কৰা হৈছে যে সকলো প্ৰাসংগিক এজেঞ্চিয়ে সকলো ভাৰতীয় ভাষাক প্ৰযুক্তিগত যতনসমূহৰ সৈতে সংযোগ কৰিবলৈ যত্পৰোনাস্তি চেষ্টা কৰিব যি সম্প্ৰদায়সমূহৰ অধিকাৰ আৰু লগতে অনুবাদ ত্বৰান্বিত কৰাত উল্লেখনীয় অৱদান আগবঢ়াব।

ভাষা হ’ল স্থান আৰু সময়ৰ মাজত সেতু-বন্ধনৰ বাবে মানৱজাতিলৈ এক মূল্যবান উপহাৰ। ইয়াক অন্য ধৰণে ব্যাখ্যা কৰা আৰু ভাষাৰ মাজত ভিন্নতা ও সংঘাত সৃষ্টি কৰি সুবিধা গ্ৰহণ কৰিব বিচৰা সকলক আমি উপেক্ষা কৰা উচিত। আমি সকলোলৈকে এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰা উচিত যে ভাষা হ’ল সমল আৰু বহুভাষিকতা হ’ল সম্পদ। আমি অনুভৱ কৰো যে- মানুহ হিচাপে আমাৰ অদৃষ্ট আমাৰ ভাষাৰ অদৃষ্টৰ লগত এৰাব নোৱাৰাকৈ সংলগ্ন আৰু আমি ইয়াৰ সহায়ত আৰু যোগেদি জ্ঞানৰ কৰ্ষণ কৰোঁ। আমি এনে এক সংস্কৃতিৰ বাবে সাজু হোৱা উচিত য’ত এটা ভাষাৰ পৰা আন এটালৈ জ্ঞানৰ প্ৰবাহ সম্ভৱ হৈ উঠিব। ৰাষ্ট্ৰীয় অনুবাদ অভিযান ইয়াত পৰিকল্পনা কৰাৰ দৰে জ্ঞান-আধাৰিত গৱেষণা আৰু শৈক্ষিক বিনিময়ৰ পৃষ্ঠপোষকতাৰ লগতে ভাৰতৰ সৰ্ব প্ৰকাৰ ভাষা বিকাশকৰণৰ উপযুক্ত আহিলা হৈ উঠিব পাৰে।